সুধাকণ্ঠৰ শাস্ত্ৰীয় সংগীত শিক্ষা আৰু তেখেতৰ গীতত ইয়াৰ প্ৰয়োগ: বক্তব্য আৰু অন্তৰংগ আলাপ

 



আমি কাক আৰু কিদৰে সম্বোধন কৰিব লাগে সৰুতে মা-দেউতাই শিকাইছিল । আমাৰ ওচৰৰ কাৰোবাক খুৰা, দাদা, জেঠাই আদি সম্বোধনেৰে মাতিব দিছিল । ইয়াৰ মাজতে এজনক দেউতাই "বৰদেউতা বা বৰতা" বুলি মাতিব দিছিল তথা সমীহেৰে সৈতে কথা পাতিব দিছিল । আমি তেওঁৰ নামটো উচ্চাৰণ কৰাৰো সাহস নকৰিবলৈ পৰিয়ালে সকিয়াই দিছিল । কিন্তু, তেখেতক সকলোৱে "দাদা" বা নামটো লৈ পিচত সম্বোধনাৰ্থ "দা" শব্দ প্ৰয়োগ কৰিছিল । তেখেতেই আছিল আপোনালোকৰ সকলোৰে শ্ৰদ্ধাৰ "ভূপেনদা" আৰু আমাৰ ঘৰৰ বাবে "বৰতা" । পাচলৈ আমাৰ লেখা-মেলাবোৰত "মা"ৰ অনুমতি সাপেক্ষে "ভূপেন বৰদেউতা" বুলিহে উল্লেখ কৰিছিলোঁ । কিয়নো পঢ়ুৱৈৰ বুজাত হয়তো অসুবিধা হব পাৰে ।

 

এতিয়া প্ৰশ্ন হয়, কিয় আমি "বৰতা বা বৰদেউতা" সম্বোধন কৰিছিলোঁ । দৰাচলতে, ড° ভূপেন হাজৰিকা বৰদেউতা মোৰ দেউতাতকৈ এক নে দুই বছৰৰ ডাঙৰ আছিল । কিন্তু এইটো একমাত্ৰ কাৰণ নহয়! আমাক কোৱা হৈছিল যে তেখেত আমাৰ দেউতাৰ "গুৰুভাই" আছিল ।

 

আপোনালোকৰ প্ৰায় বিলাকে জানে চাগে, মই অসমৰ প্ৰখ্যাত তালবিদ, তবলাবাদক, সত্ত্ৰীয়া সঙ্গীতৰ অগ্ৰণী গৱেষক প্ৰয়াত কেশৱ চাংকাকতিৰ বৰপুত্ৰ। (যদিও মোৰ পৰিচয় দিবলৈ এইটোৱেই একমাত্ৰ তথ্য নহয়। কিয়নো মোৰ জীৱনৰ বিয়লি বেলাত নিজ পৰিচয় দাঙি ধৰিবলৈ আৰু অনেক ক্ষেত্ৰত কৰা অনেক কৰ্মৰ চানেকি আছে ।)

 


সঙ্গীতক পেশা হিচাপে লোৱা পৰিয়ালৰ হেতু আমাৰো বিষয়ত যথেষ্ট শিক্ষা আছে । মোৰ দেউতাৰ সঙ্গীত শিক্ষাৰ "আদিগুৰু" আছিল - পণ্ডিত বংশীৱৎ পাণ্ডে । 

 

আমাৰ পৰিয়ালটো উত্তৰ গুৱাহাটীৰ আৰু দেউতাৰ হাইস্কুল আৰু কলেজীয়া শিক্ষা গুৱাহাটীত । উত্তৰ গুৱাহাটী তাহানিৰ দিনৰে পৰা সঙ্গীতৰ চৰ্চা কেন্দ্ৰ আছিল । আমাৰ "চাংকাকতি" পৰিয়ালটো সঙ্গীতৰ চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল । সেয়ে, সৰুৰে পৰা দেউতাৰ সঙ্গীতত ৰাপ আছিল ।

 

বিগত শতিকাৰ ছল্লিশ দশকৰ গুৱাহাটীৰ কথা - পানবজাৰ শিক্ষা আৰু প্ৰশাসনিক কেন্দ্ৰ; উজানবজাৰ, মাছখোৱা, ভৰলুমুখ আদি নাগৰিকৰ বসবাসৰ ক্ষেত্ৰ আৰু ফাঁচিবজাৰ, পল্টনবজাৰ আছিল ব্যৱসায়ীক কেন্দ্ৰ । এই ফাঁচিবজাৰৰ মাজেদি যোৱা ৰেল-আলিৰ তিনি নম্বৰ ৰেলগেটৰ কাষতে আছে এল্ অ' জি হিন্দী হাইস্কুল আৰু তাৰ ওচৰতে আছে হনুমান মন্দিৰ । ছল্লিশ দশকত এই মন্দিৰত বিহাৰৰ পৰা এজন নৈষ্ঠিক ব্ৰাহ্মণ পূজাৰী আহি আছিল । তেওঁ সন্ধিয়া ভজনৰ লগত পাখোৱাজ বজাইছিল । ইয়াৰ বাদেও তেওঁ "ধ্ৰুপদ" গায়নতো পাকৈত আছিল । এইজন পূজাৰীৰ নামেই আছিল পণ্ডিত বংশীৱৎ পাণ্ডে ।


 

এইখিনিতে আমি ধ্ৰুপদ আৰু অসমৰ বৰগীতৰ সম্পৰ্ক অকণমান উল্লেখ কৰোঁ ।

 

সামবেদ ভাৰতীয় সঙ্গীতৰ আধাৰ । ইয়াৰ দুটা ভাগ - আৰ্চিক আৰু গান । এই "গান"ক সামগান বোলে । পালকাপ্য মুনি, ভূতিবৰ্মাৰ শিলালিপি তথা কালিকাপুৰাণ অনুসৰি কামৰূপ দেশত সামগানৰ প্ৰচলন আছিল । সামগানৰ বিকাশ হৈ গাথা । এইদৰে গাথাৰ পৰা চৰ্যাগীত আৰু চৰ্যাগীতৰ পৰা প্ৰৱন্ধগীত হয় । এই প্ৰৱন্ধগীত দশমৰ পৰা ত্ৰয়োদশ শতিকাৰ বুলি নিৰ্ধাৰণ কৰা হৈছে ।  (গৱেষণাৰ দ্বাৰা প্ৰমাণিত যে "সত্ত্ৰীয়া প্ৰসঙ্গীয়া বৰগীত"ত এই প্ৰৱন্ধগীতৰ সকলো ৰীতি-নীতি বৰ্তমান।) প্ৰৱন্ধগীতৰ বিকাশ হৈ ধ্ৰুপদ গায়নৰ বুৎপত্তি । এই ধ্ৰুপদৰ পৰাই খেয়াল, ঠুংৰী, তপ্পা, ভজন, হোলি আদিৰ গীতৰ বুৎপত্তি হয় । (তেনেদৰে, সাধাৰণ বৰগীত, ভজন শৈলীৰ বৰগীত আৰু তাল-মানহীন প্ৰাৰ্থনাধৰ্মী বৰগীত সত্ত্ৰীয়া শৈলীত বৰ্তমান ।) আমাৰ অসমত ছয় ৰাগ আৰু ছত্ৰিশ ৰাগিণীৰ চৰ্চা আছে । প্ৰতিটো ৰাগৰ বিপৰীতে ছয়টা ৰাগিণী এনেধৰণৰ -

(১)  শ্ৰী - মালৱী, ত্ৰিৱলী, গৌৰী, বৰাৰি, ভূপালী আৰু কল্যাণী ।

(২) বসন্ত - হিঙ্গুলী, গুঞ্জৰী, মাল্লৱী, পদ্মমঞ্জৰী, সাৰেৰী আৰু কৌশিকী ।

(৩) ভৈৰৱ - ভৈৰৱী, গৌৰ, ৰামগিৰি, গুণগিৰি, বঙ্গালী আৰু সৈন্ধৱী ।

(৪) পঞ্চম - দেৱগিৰি, ললিতা, বিভাৰা, কৰ্ণাটী, বৰহংসিকা আৰু অভিৰি ।

(৫) মেঘ - মধুমাধৱী, মল্লাৰী, সৌৰাতি, গান্ধাৰী, হৰশৃঙ্গাৰী আৰু সাৰঙ্গী ।

(৬) নটনাৰায়ণ - পাহাড়ী, বদসী, কেদাৰী, কামুদী, নৰ্তিকা আৰু হিড়ম্বী ।

 

 

পূৰ্বোক্ত গুৱাহাটীৰ ফাঁচিবজাৰৰ হনুমান মন্দিৰত পণ্ডিত বংশীৱৎ পাণ্ডেৰ উপস্থিতিয়ে ছল্লিশ দশকত "হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত"ৰ চৰ্চা কেন্দ্ৰ হৈ পৰিছিল ।  এই আখাৰাত গুৱাহাটীৰ বহু ডেকা ল'ৰা তথা কলেজীয়া ছাত্ৰৰ আকৰ্ষণ কেন্দ্ৰ আছিল । মোৰ পিতৃ বাক্যানুসাৰে উক্ত দিনত তেওঁৰ বাদেও নিৰোদ ৰয় খুৰা, নিৰোদ চৰকাৰ খুৰা, ভূপেন বৰতা, ক্ষীৰদা বিষয়া বৰতা আদি অনেক লোকে তেখেতৰ ওচৰত ধ্ৰুপদ গায়নকে আদি কৰি হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীতৰ শিক্ষা লাভ কৰিছিল ।



ধ্ৰুপদ গায়নত স্বৰৰ শুদ্ধতা আৰু তালৰ স্থিৰতা মানি চলিব লাগে । সেয়ে ধ্ৰুপদ গায়ক সকল স্বৰ, শব্দৰ শুদ্ধতা আৰু তালৰ ক্ষেত্ৰত পাকৈত । এই সমস্ত চৰিত্ৰ ভূপেন বৰতাৰ গীত পৰিবেশনত বৰ্তমান হেতু তেখেত এই হিন্দুস্থানী সঙ্গীতবিধিত দখল থকাটোৱেই প্ৰমাণিত কৰে ।

 

ইয়াৰ বাদেও সেই কালত, "কামৰূপ কামাখ্যা" আৰু উত্তৰ গুৱাহাটীত শাস্ত্ৰীয় সঙ্গীতৰ চৰ্চা ব্যাপক আছিল । পৌৰাণিক কালৰ পৰাই অন্যান্য তান্ত্ৰিক সাধকসকলৰ দৰে সঙ্গীতৰ সাধকসকলে কামৰূপ কামাখ্যাত নিজ সঙ্গীতৰ উচৰ্গা কৰে তাৰ পাচতহে অনুৰাগীসকলৰ আগত প্ৰদৰ্শন কৰে । কামৰূপ কামাখ্যাত থকা সময়ত তেওঁলোকে পূজাৰী তথা অন্যান্য মন্দিৰৰ নিকটত থকা লোকসকলক সঙ্গীতৰ শিক্ষা দি থৈ যায় । তেনেদৰে, উত্তৰ গুৱাহাটী বাস কৰা ৰাজ্যৰ আমোলা-বিষয়া তথা ধনী লোকৰ ঘৰত কামৰূপ কামাখ্যাত অহা সঙ্গীত-সাধক সকলে নিজৰ সঙ্গীত প্ৰদৰ্শন কৰিবলৈ আহে আৰু সেই অঞ্চলৰ লোকৰ মাজত সঙ্গীত শিকাই থৈ যায় ।

 

শ্ৰদ্ধেয় ৰসিকগণ, আপোনালোকে বোধহয় ভালদৰে জানে যে "ভূপেন বৰতা"ই গণনাট্যত থকাৰ সময়ত উত্তৰ গুৱাহাটীৰ এই অঞ্চলটোৰ পৰা ভালেখিনি সাঙ্গীতিক সম্পদ আহৰণ কৰিছিল । কিয়নো আমি অসমৰ সাঙ্গীতিক ঐতিহ্যৰ পম খেদি যাওঁতে পোৱা তথ্যবোৰৰ অভিজ্ঞতাৰ এইটো দাঠি কব পাৰোঁ যে "ভূপেন বৰতা"ই মাথো হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীতৰে শিক্ষা লোৱা নাছিল; তেওঁ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাদেৱে কোৱা প্ৰাচীন "কামৰূপী সঙ্গীত"ৰো শিক্ষাৰে শিক্ষিত আছিল ।

 

এতিয়া চাওঁক আমি তথ্য-ভিত্তিক কেইটামান সাক্ষ্য-প্ৰমাণেৰে বিষয়টো কিদৰে সম্পাদিত কৰিব পাৰোঁ ।

 

"ভূপেন বৰতা"ৰ গীতবোৰৰ বিশ্লেষণ কৰিলে চতুষ্টমাত্ৰিক কাহাৰবা, ত্ৰিমাত্ৰিক দাদৰা আৰু খেমটা তালৰ প্ৰাচুৰ্য দেখা যায় । তেখেতৰ কিছুমান গীত হিন্দুস্থানী ৰূপক আৰু পষ্টো তালতো ৰচনা কৰা । আনহাতে, তেখেতৰ গীতবোৰ সাধাৰণতঃ খৰ বা দ্ৰুত লয়ত নিবদ্ধ থাকে । কাৎচিতহে মধ্য বা মধ্যম লয়ত গীত পৰিবেশন কৰা দেখা যায় । ধীৰ বা বিলম্ব লয়ত গীত আমাৰ পৰ্যাবেক্ষণ হোৱা নাই । কিন্তু সুক্ষ্ম ভাৱে পৰ্যাবেক্ষণ কৰিলে দেখিবলৈ পাওঁ যে গীতৰ ছন্দ অনুসৰি তালৰ গৎ বা ঠেকাৰ ভিন ভিন "প্ৰকাৰ"ৰ সমাহাৰ কৰি যায় । আনকি কেতিয়াবা একোটা গীতত দুই বা তাতোধিক তালৰো সংমিশ্ৰণ কৰি "কামৰূপী সঙ্গীত ধাৰা"টো অক্ষুণ্ণ ৰাখিবলৈ বিচাৰিছিল । এই ধাৰাটো প্ৰকট কৰি তুলিবলৈ হয়তো তেখেতৰ গীতত লয়কাৰী দেখা নগৈছিল । তাৰ পৰিবৰ্তে তেখেতে তালৰ "মেৰুভেদ" প্ৰক্ৰিয়াৰ সহায় লৈছিল । সেয়েহে তেখেতৰ সঙ্গীত অনন্য হৈ উঠিছিল আৰু বিশ্বত "কামৰূপী সঙ্গীতধাৰা"টো স্থাপন কৰাত সফল হৈছিল । বিশেষ মনকৰিবলগীয়া যে তালবোৰৰ ঠেকা বা বাজনা নিৰ্ধাৰণ কৰোতে সৰল কৰিবলৈ যত্ন সহকাৰে আগবঢ়া পৰিলক্ষিত হৈছিল ।




"নতুন নিমাতী নিয়ৰৰে নিশা", "অ' বিদেশী বন্ধু", "বকু হম হম কৰে", "স্নেহ আমাৰ শতশ্ৰাৱণৰ" আদি গীতবোৰ ৰাগক স্পৰ্শ কৰি ৰচনা কৰা । ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে তেখেতে ৰাগ সঙ্গীতৰ চৰ্চা নকৰিলে এইবোৰ গীতৰ সোৱাদ বিয়পোৱা অসম্ভৱ ।

 

ভূপেন বৰতাৰ "বিমূৰ্ত মোৰ নিশাটি যেন" এটা শ্ৰেষ্ঠতম শৃংগাৰ ৰসৰ গীত, য'ত হিন্দুস্থানী ভূপালী ৰাগৰ প্ৰভাৱ আছে । কিন্তু কোমল নি, ধা প্ৰয়োগেৰে শুদ্ধ ৰাগৰ চৰিত্ৰৰ পৰা আতৰি মিশ্ৰৰাগৰ দৰে পৰিলক্ষিত হয় । তথাপিও শৃংগাৰ ৰসৰ প্ৰয়োভৰ বৰ্তমানে গীতটো অনন্য কৰি তুলিছে । তেনেদৰে, "নতুন নিমাতী নিয়ৰৰে নিশা" আন এটা শৃংগাৰ ৰসৰ গীত, য'ত হিন্দুস্থানী কেদাৰ ৰাগৰ ছাপ দেখা যায় । তথাপিও ইয়াতো শুদ্ধ ৰাগৰ পৰিবৰ্তে মিশ্ৰিত স্বৰৰ প্ৰয়োগেৰে গীতটোক অনন্যতা প্ৰদান কৰি থৈছে ।

 

ইয়াৰ লগতে পুনৰ উল্লেখ কৰিব পাৰি যে"মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম" গীতটোও হিন্দুস্থানী পিলু ৰাগৰ মিশ্ৰিত স্বৰূপটো প্ৰকাশ ঘটিছে ।

 

আমি সুক্ষ্মভাৱে পৰ্যাবেক্ষণ কৰিলে দেখা পাওঁ যে কিছুমান কঠিন গীত তেখেতে ৰচনা কৰিছে যিবোৰ ওপৰৰ পৰাহে স্বৰবোৰ আহে । তেনেধৰণৰ, গীত আমি স্বাধীনোত্তৰ কালৰ কিছু স্বনামধন্য গীতিকাৰৰ ৰচনাটো দেখা যায় । যিটো চাগে "কামৰূপী সঙ্গীত ধাৰা"ৰ নিজস্ব ৰীতিনীতি ।

 

(কথাখিনি যুগুতাওঁতে বিদুষী গায়িকা ৰাগিণী চক্ৰৱৰ্তী আৰু গায়ক ফটিক শীলৰো অৱদান আছে ।)

 

আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে "ভূপেন বৰতা"ৰ প্ৰায়বোৰ গীত মধ্যম আৰু দ্ৰুত লয়ত নিবদ্ধ । লয়ভেদে সঙ্গীতত সাঁতটা ৰস সুন্দৰকৈ প্ৰকাশ হয় । বীভৎস আৰু ভয়ানক ৰসত বিলম্ব লয়; হাস্য আৰু শৃংগাৰ ৰসত মধ্যম লয় তথা বীৰ, অদ্ভূট আৰু ৰৌদ্ৰ ৰসত দ্ৰুত লয়ৰ প্ৰয়োগ হয় । সেয়ে, আমি সততে তেখেতৰ গীতত শৃংগাৰ, হাস্য, বীৰ, অদ্ভূট আৰু ৰৌদ্ৰ ৰসৰ প্ৰয়োভৰ সততে দেখিবলৈ পাওঁ ।

 

"ৰস" শব্দৰ অৰ্থ আস্বাদ বা সোৱাদ লোৱা । ৰস লাভ কৰি মানুহে অৰ্থাৎ ৰসিকে আনন্দমগ্ন হয় । আমাৰ "কামৰূপী সঙ্গীতধাৰা"ত যদিও ছয় ৰাগ আৰু বত্ৰিছ ৰাগিণীৰ কথা কোৱা হয় । কিন্তু ৰাগক মন্থন কৰি "ৰস"ক গুৰুত্ব দি সঙ্গীত পৰিবেশনৰ বিধিহে আছে । যিটো ভাৰতীয় সঙ্গীতৰ অইন ধাৰাত নাই ।

 

তদানুসাৰে "ভূপেন বৰতা"ৰ গীতৰ ভাষাই হওঁক কিম্বা গীত পৰিবেশন পদ্ধতিয়েই হওঁক অথবা বিষয়ৰ উপস্থাপনা প্ৰক্ৰিয়াই হওঁক "ৰস"ক গুৰুত্ব সহকাৰে পৰিৱেশ সৃষ্টি কৰি থাকে । সেয়ে, আমাৰ পূৰ্বোত্তৰ ভাৰতৰ শ্ৰোতাৰ মনত সাঁচ বহাই যায় । আনহাতে, দেশৰ আন অংশৰ ৰসিকে সততে সোৱাদ নোপোৱা "কামৰূপী সঙ্গীতধাৰা"টোৰ সৃষ্ট সম্পদবোৰ অনন্য হিচাপে পৰিগণিত হৈছে ।

 

আমি এইখিনি থোৰেতে পোৱা সমল আৰু সময়ৰ স্থিতিত থিয় দি আগবঢ়াব ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ । ন-প্ৰজন্মৰ অন্তৰক ভেদ কৰিব পৰিছোঁ নে? নাজানো; কিন্তু এটা কথা ধুৰুপ যে বিশদ আৰু অকণমান প্ৰচলিত অধ্যয়ন পদ্ধতিৰ পৰা নিলগাই বিষয়ত সোমাই পৰিলে বহুবোৰ অনন্য কথা পোৱাৰ প্ৰচুৰ সম্ভৱনা আছে ।

 

 

 







0 Comments